November 30, 2025 12:25 PM
29
ISROই চন্দ্রযান-২ৰ বিফলতাক জয় কৰি চন্দ্ৰযান-৩ৰ সফল হোৱাৰ কাহিনীক বিকশিত ভাৰতৰ ভেটি বুলি মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ
সামাজিক মাধ্যমত ISROই আয়োজন কৰা এটি বিশেষ ড্রোণ উৰুৱা প্রতিযোগিতাৰ ভিডিঅৰ কথা উল্লেখ কৰি মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্রতিযোগীসকলে মঙ্গলগ্ৰহৰ দৰে পৰিৱেশত ড্রোণ উৰুৱাবলৈ চেষ্টা কৰিছিল। ই তেওঁক আন এটি দৃশ্য মনত পেলাই দিলে— বৈজ্ঞানিকসকলে চন্দ্রযান-২ ৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলোৱাৰ মুহূৰ্তৰ দৃশ্য। সেই সময়ত কোনো কোনো লোক নিৰাশ হৈছিল, কিন্তু বৈজ্ঞানিকসকলে লগে লগে চন্দ্ৰযান-৩ৰ কাম আৰম্ভ কৰিলে আৰু পাছত সফল হল। ই হৈছে বিফলতাক জয় কৰি সফল হোৱাৰ কাহিনী। বৈজ্ঞানিকসকলৰ এই আশাশুধীয়া চেষ...