September 21, 2025 8:21 PM
20
নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই জি এছ টি ৰেহাই কাৰ্যকৰী হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া সামগ্রী আৰু সেৱা কৰৰ নতুন সংস্কাৰ সন্দৰ্ভত আজি দেশবাসীক সম্বোধন কৰে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত জি এছ টি সঞ্চয় উৎসৱ কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু জনসাধাৰণে নিজৰ পচন্দৰ সামগ্ৰী কম দামতে ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, যে এই সংস্কাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশৰ গাথা সলনি হ'ব আৰু যুৱ প্ৰজন্ম, নৱ্য মধ্যবিত্ত শ্রেণী, কৃষক, মহিলা আৰু উদ্যমীসকল এই সঞ্চয় উৎসৱৰ পৰা লাভান্বিত হ'ব। প্ৰতিখন ৰাজ্যৰে...