June 20, 2025 9:40 PM

views 10

বিগত ১১ বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে বিগত ১১ বছৰত বিহাৰৰ সমৃদ্ধি আৰু দ্ৰুত প্ৰগতিৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বিকাশৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। বিহাৰৰ ছিৱানৰ এখন ৰাজহুৱা জনসভাত সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে এন ডি এ চৰকাৰে বিহাৰৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ গ্রহণ কৰিছে আৰু অনাগত দিনত ভালেমান পদক্ষেপ হাতত লোৱা হ'ব। শ্রীমোদীয়ে কয় যে এন ডি এ চৰকাৰে সব কা সাথ, সব কা বিকাশ মন্ত্ৰৰে কাম কৰি থকাৰ বিপৰীতে কংগ্ৰেছ আৰু আৰ জে ডিয়ে মাথোঁ পৰিবাৰ কা সাথ, পৰিবাৰ কা বিকাশ মন্ত্ৰৰে ৰাজনীতি কৰিছে। ...