April 20, 2025 11:02 AM

views 21

দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহত উপস্থিত হ'ব। এয়া হ'ব বিগত চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেদ্দাহ ভ্রমণ। এই ভ্রমণে ভাৰত আৰু ছৌডি আৰবৰ মাজৰ সম্বন্ধৰ অভূতপূৰ্ব পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। এইবাৰৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো, পূৰ্বৰ ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ ছৌডি আৰব ভ্ৰমণ ৰিয়াধলৈকে সীমিত আছিল। ইয়াৰ পূৰ্বে ১৯৮২ চনত ইন্দিৰা গান্ধীয়ে জেদ্দাহ ভ্ৰমণ কৰিছিল। বৰ্তমান জেদ্দা ছৌডি আৰবৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ। লোহিত সাগৰৰ পাৰৰ ...