February 15, 2025 11:36 AM

views 10

আমেৰিকা ভ্ৰমণ সামৰি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ আমন্ত্রণমৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণ সামৰি কালি নতুন দিল্লীত উপস্থিত হয়। ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীমোদীৰ এয়া আছিল প্ৰথম আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ। এই ভ্রমণকালত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ৱাশ্বিংটনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। হোৱাইট হাউছত প্ৰায় ৪ ঘণ্টা ধৰি চলা এই আলোচনাত কৌশলগত আৰু নিৰাপত্তা সহযোগিতা, প্ৰতিৰক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, প্রযুক্তি,...