March 22, 2025 7:22 PM March 22, 2025 7:22 PM
6
বিশ্ব জল দিৱস উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান
আজি বিশ্ব জল দিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰবাসীক আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে পানী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা শ্বেয়াৰ কৰি কয় যে, পানী হৈছে সভ্যতাৰ জীৱনৰেখা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত কৰি ৰখা উচিত। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানে ব্রহ্মপুত্র বোৰ্ডৰ সৈতে যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠানটোৰ সভাগৃহত দুদিনীয়াকৈ বিশ্ব জল দিৱস কাৰ্যসূচী পালন কৰিছে। জৈৱ বৈচ...