January 21, 2025 9:21 PM
14
‘হাও ইণ্ডিয়া স্কেলড্ মাউণ্ট জি টুৱেণ্টি’ গ্ৰন্থৰ বাবে অমিতাভ কান্তক প্ৰধানমন্ত্ৰী মোদীৰ ভূয়সী প্রশংসা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘হাও ইণ্ডিয়া স্কেলড্ মাউণ্ট জি টুৱেণ্টি’ শীৰ্ষক গ্ৰন্থৰ বাবে জি টুৱেণ্টি শ্বেৰ্পা অমিতাভ কান্তক ভূয়সী প্রশংসা কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে এই গ্রন্থখনিত উন্নত ধৰিত্ৰী গঢ়ি তোলাৰ বাবে মানৱকেন্দ্ৰিক বিকাশৰ বিস্তৃত বিশ্লেষণ আগবঢ়োৱা হৈছে। ইয়াৰ পূৰ্বে শ্রীকান্তে প্রধানমন্ত্রী মোদীক গ্ৰন্থখন প্ৰদান কৰে ।