August 14, 2024 12:19 PM

views 10

অৰুণাচল প্ৰদেশত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৬০০ ফুট দৈৰ্ঘ্যৰ পতাকা কঢ়িয়াই উলিওৱা ৰেলীক লৈ প্ৰধানমন্ত্ৰী মোদীৰ আনন্দ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ছশ ফুট দৈৰ্ঘ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কঢ়িয়াই উলিওৱা ৰেলীক লৈ আনন্দ প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ এনে এখন ৰাজ্য য'ত প্ৰতিজন নাগৰিকৰ হৃদয়ত দেশপ্ৰেম গভীৰভাৱে শিপাই আছে আৰু ৰাজ্যখনৰ সজীৱ সাংস্কৃতিক ঐতিহ্যত ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটে৷ হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰতি এনে উৎসাহ দেখি আনন্দিত হৈছো বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।