March 19, 2025 6:12 PM March 19, 2025 6:12 PM
18
প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ অনুমোদন পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্র কেন্দ্রীয়ভাৱে প্ৰদান কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° জে বি এক্কা, কামৰূপ জিলা আয়ুক্ত দেৱেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্...