December 24, 2024 9:17 PM
13
নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রাক বাজেট আলোচনা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদসকলৰ সৈতে প্রাক বাজেট আলোচনাত মিলিত হয়। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া, পি ভি আৰ সুব্ৰমন্যম আৰু আন জ্যেষ্ঠ বিষয়াসকল বৈঠকত উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্রাক বাজেট আলোচনা যোৱা ৬ ডিচেম্বৰত আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰী, কৃষক সংস্থা, অর্থনীতিবিদ আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীৰ প্ৰতিনি...