November 24, 2025 9:01 AM

views 26

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  কেইবাগৰাকীও বিশ্বনেতাৰ সৈতে বৈঠক

জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কেইবাগৰাকী বিশ্বনেতাৰ সৈতে বৈঠকত মিলিত হয়। শ্রীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নিক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, উদ্ভাৱন, কৃত্রিম বুদ্ধিমত্তা, মহাকাশ আৰু শিক্ষা খণ্ডত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত ফলপ্রসু আলোচনা কৰে। দুয়োগৰাকী নেতাই গোলকীয় সুৰক্ষাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্যৰ বিৰুদ্ধে সহযোগিতা বৃদ্ধিৰ বাবে যুটীয়া পদক্ষেপ ম...