September 29, 2024 8:37 PM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। পুনেত উদ্বোধন কৰা প্ৰকল্পসমূহৰ সন্দৰ্ভত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পসমূহে নগৰ উন্নয়নক নতুন গতি প্ৰদান কৰিব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ সুচলতা বৃদ্ধি পাব। মহাৰাষ্ট্ৰৰ বৃহৎ প্রকল্পসমূহৰ কাম ইমান দিনে স্থবিৰ হৈ থকাৰ বাবে তেওঁ পূৰ্বৰ চৰকাৰসমূহৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে। ছলাপুৰ বিমান বন্দৰৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত তেওঁ কয় ...