June 21, 2025 1:13 PM June 21, 2025 1:13 PM

views 3

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

দেশ বিদেশত আজি একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। শ্ৰী মোদীয়ে তেওঁৰ ভাষণত কয়, যে যোগে সমগ্র বিশ্বকে একত্রিত কৰিছে। তেওঁ কয়, যে সমগ্র বিশ্ব বর্তমান বিভিন্ন সমস্যাৰ মাজেৰে আগবাঢ়িছে আৰু এনে পৰিস্থিতিত যোগে শান্তিৰ পথ দেখুৱাইছে।