December 7, 2024 12:42 PM

views 12

দেশত ৮৫খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮খন নতুন নৱোদয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত কেন্দ্রীয় মন্ত্রীসভাৰ

কেন্দ্রীয় মন্ত্রীসভাই ৮৫ খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নতুন নৱোদয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমৰ জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় আৰু শোণিতপুৰ, চৰাইদেউ আৰু দক্ষিণ শালমাৰা মানকাচৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীত নতুনকৈ নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে এইকথা সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই নতুন কেন্দ্ৰীয় বিদ্যালয়সমূহ স্থাপনৰ ফলত ...