April 29, 2024 8:32 PM

views 24

ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতক ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে তেওঁ অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি কৰ্ণাটকৰ বাগালকোটত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, বিজেপিয়ে উন্নয়নৰ হকে কাম কৰাৰ বিপৰীতে কংগ্ৰেছে ভোটবেংকৰ লক্ষ্য আগত ৰাখিহে কাম কৰে। আনহাতে, মহাৰাষ্ট্ৰৰ চোলাপুৰত আন এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে, কোনো লোকেই দেশৰ সংবিধান সলনি কৰা আৰু সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ দৰে কাম কৰিব নোৱাৰে। কাৰো...