June 20, 2024 12:10 PM

views 32

দুদিনীয়া ভ্ৰমণসূচীৰে আজি জম্মু কাশ্মীৰলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু কাশ্মীৰলৈ যাব। তাত তেওঁ এহেজাৰ ৫শ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ৮৪ টা গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে আজি শ্ৰীনগৰত আয়োজিত যুৱ প্ৰজন্মৰ সৱলীকৰণ, জম্মু-কাশ্মীৰৰ পৰিৱৰ্তন শীৰ্ষক এটা অনুষ্ঠানত অংশ গ্রহণ কৰিব। তেওঁ দুহেজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে এহেজাৰ ৮শ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ প্ৰতিযোগিতাৰ উন্নয়ন ব্যৱস্থা মুকলি কৰিব। ...