January 16, 2026 7:47 PM
11
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে বিয়লি ৬ বজাত গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাৰ বাবে ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ ২৩ খন জিলাৰ ৮১ টা সমষ্টিৰ পৰা অহা ১০ হাজাৰ শিল্পী ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ পৰিবেশ তদাৰক কৰাৰ লগতে সমবেত শিল্পীসকলক সাহস আৰু...