January 14, 2025 8:36 PM

views 61

মৌচম অভিযান এখন বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক সকলো ধৰণৰ বতৰ আৰু জলবায়ুৰ বাবে সক্ৰিয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি মৌচম অভিযানৰ শুভাৰম্ভ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অভিযান আৰম্ভ কৰা হয়। এই উপলক্ষে প্রধানমন্ত্রী মোদীয়ে কয়, যে মৌচম অভিযান এখন বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া যাত্ৰাৰ প্ৰশংসা কৰি তেওঁ ইয়াক আধুনিক বিজ্ঞ...

January 14, 2025 10:30 AM

views 30

নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  শুভাৰম্ভ কৰিব মিছন মৌচম

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচমৰ শুভাৰম্ভ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত ভাৰত মণ্ডপমত প্রধানমন্ত্রীয়ে এই অভিযান আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মিছন মৌচমে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা বিকশিত কৰিব। এই পদক্ষেপৰ দ্বাৰা উচ্চ প্রাবল্যৰ বায়ুমণ্ডলীয় পর্যবেক্ষণ, পৰৱৰ্তী প্ৰজন্মৰ ৰাডাৰ আৰু উপগ্ৰহ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ সন্নিবিষ্ট কৰা হ'ব। ইয়াৰ উপৰিও এই অভিযানে বতৰ আৰু জলবায়ুৰ বিষয়ে জনাৰ ব্যৱস্থা...