November 22, 2024 12:00 PM November 22, 2024 12:00 PM

views 9

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত ভাৰতৰ যাত্ৰাক পৰিসৰ, গতি আৰু বহনক্ষমতাৰ যাত্ৰা বুলি অভিহিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত ভাৰতৰ যাত্ৰা পৰিসৰ, গতি আৰু বহনক্ষমতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। গায়েনাৰ জৰ্জটাউনৰ ৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰত ভাৰতীয় মূলৰ লোকসকলৰ এটা সমাৱেশ সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০১৪ চনত ভাৰত বিশ্বৰ দশম সৰ্ববৃহৎ অর্থ ব্যৱস্থা আছিল আৰু মাত্র ১০ বছৰত দেশ পঞ্চম সৰ্ববৃহৎ অর্থ ব্যৱস্থাৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্রী মোদী নাইজেৰিয়া, ব্ৰাজিল আৰু গায়েনাৰ সফল ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে।