October 30, 2025 9:23 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাটত এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্ৰতীকস্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটৰ কেৱড়িয়াত এক ভাৰত শ্রেষ্ঠ ভাৰতৰ প্ৰতীক স্বৰূপে একতাৰ কুচকাৱাজ মুকলি কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাত আজি এখন সংবাদ মেলত শ্ৰী শ্বাহে কয়, যে প্ৰতিবছৰে ৩১ অক্টোবৰত একতা নগৰত এই কুচকাৱাজৰ আয়োজন কৰি অহা হৈছে। শ্ৰী শ্বাহে কয়, যে কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জন্ম বার্ষিকী উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই কুচকাৱাজ অনন্য ৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত প্ৰতিবছৰে আয়োজন কৰা...