February 9, 2025 7:59 PM

views 17

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। এই ভ্রমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ সৈতে কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰা। কাইলৈ তেওঁ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সলৈ যাব। পেৰিচত হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয...