October 24, 2024 7:03 PM

views 15

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ITBP অর্থাৎ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিম বীৰসকল আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে প্রতিকুল পৰিৱেশৰ মাজতো ব্যাপক প্ৰত্যাহ্বান নেওচি সাহস আৰু সমৰ্পনেৰে আই টি বি পিৰ হিম বীৰসকলে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰি আহিছে। তেওঁ লগতে প্রাকৃতিক দুৰ্যোগৰ সময়ত আই টি বি পিৰ বিষয়া-জোৱানসকলে চলোৱা উদ্ধাৰ আৰু সাহায্য অভিযানক প্ৰশংসা কৰিছে।