November 10, 2024 8:20 PM
14
তামিল অভিনেতা থিৰু দেলহী গণেশৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ
চলচ্চিত্ৰ জগতৰ থিৰু দেলহী গণেশৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে কয়, যে প্রবীন তামিল অভিনেতাগৰাকীৰ অভিনয় প্ৰতিভা আছিল অনবদ্য। প্ৰতিটো ভূমিকাতে তেওঁৰ গভীৰ অভিনয় চিৰস্মৰণীয় হৈ থাকিব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰজন্মৰ পৰিধি ভাঙি তেওঁ সকলো দৰ্শকৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছিল।