July 1, 2024 6:54 PM
23
শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা আৰ সম্পথানৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ তামিল নেচনেল এলায়েন্সৰ বর্ষীয়ান নেতা তথা ৰাজনীতিবিদ আৰ সম্পথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে প্রয়াত সম্পথানৰ সৈতে হোৱা তেওঁৰ সাক্ষাৎ সদায় মনত থাকিব। তেওঁ কয় যে প্রয়াত সম্পথানে শ্ৰীলংকাৰ তামিল জনসাধাৰণৰ শান্তি, নিৰাপত্তা, সমান সুযোগ, ন্যায় আৰু মৰ্যাদাৰ বাবে কাম কৰিছিল। শ্রী মোদীয়ে কয় যে শ্রীলংকাৰ তামিল আৰু ভাৰতীয়সকলে সম্পথানৰ অনুপস্থিতি অনুভৱ কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত সম্পাথনৰ পৰিয়া...