November 23, 2024 8:43 PM

views 8

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটক জনাদেশ প্রদান কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটক ঐতিহাসিক জনাদেশ প্রদান কৰাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ যুৱক-যুৱতী আৰু মহিলাসকলৰ শলাগ লৈছে। তেওঁ কয়, যে এই চেনেহ আৰু আবেগ সঁচাকৈ নজিৰবিহীন। শ্রী মোদীয়ে লগতে ৰাজ্যখনত উন্নয়ন আৰু সু-শাসনৰ জয় হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে এন ডি এ মিত্রজোঁটে মহাৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰি যাব বুলি জনসাধাৰণক আশ্বাস দিয়ে। বিজেপিলৈ প্ৰদৰ্শন কৰা সমর্থনৰ বাবে ঝাৰখণ্ডৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰ...