August 25, 2024 8:01 PM

views 28

মহাৰাষ্ট্ৰৰ জলগাঁৱত ১১ লাখ নতুন লাখপতি বাইদেউক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰমাণপত্ৰ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত আয়োজিত এটা অনুষ্ঠানত ১১ লাখ নতুন লাখপতি বাইদেউক প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে লাখপতি বাইদেউসকলক সম্বৰ্ধনা জনোৱাৰ লগতে ব্যৱসায় সন্দৰ্ভত তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে। অনুষ্ঠানত সমৱেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ নাৰী শক্তিয়ে সদায় দেশ আৰু সমাজৰ ভৱিষ্যত নিৰ্মাণ কৰাত বৰঙণি যোগাই আহিছে। মহিলাসকলৰ বাবে এসময়ত নিষিদ্ধ হৈ থকা সকলো দিশ মুকলি কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ প্ৰকাশ কৰে ৷ মহিলা সৱল...