August 17, 2025 1:49 PM
13
নতুন দিল্লীত দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রায় ১১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প উদ্বোধন কৰে। এই প্ৰকল্পৰ ভিতৰত দ্বাৰকা এক্সপ্ৰেছৱে'ৰ দিল্লী খণ্ড আৰু নগৰ সম্প্ৰসাৰণ পথৰ দ্বিতীয় পর্যায় আছে। প্রধানমন্ত্রীয়ে কালি সামাজিক মাধ্যমযোগে কয়, যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র দিল্লীৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে জনসাধাৰণৰ জীৱন সুচল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰীৰ কার্যালয়ে এটা বিবৃতিযোগে কৈছে যে যোগাযোগ উন্নত কৰা, যাত্ৰাৰ সময় হ্ৰাস কৰা আৰু দিল...