August 10, 2025 11:24 AM

views 14

কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰে’লগাড়ীৰ চলাচলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰে'লগাড়ীৰ চলাচলক প্ৰশংসা কৰিছে। অঞ্চলটোক মালবাহী নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে জম্মু-কাশ্মীৰৰ বাণিজ্য আৰু সংযোগৰ বাবে এয়া এটা উল্লেখযোগ্য পদক্ষেপ আৰু এই উন্নয়নে প্ৰগতি আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধিত সহায় কৰিব। শ্রীবৈষ্ণৱে কালি নিজ বার্তাত কয়, যে কালি প্ৰথমখন মালবাহী ৰে'লগাড়ী...