August 11, 2025 9:22 PM

views 12

পুণেত দুৰ্ঘটনাত ৭গৰাকী মহিলাৰ মৃত্যু, ৩১জন আহত; প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

পুণেৰ খেড় তালুকা জিলাত আজি এখন ৪ চকীয়া বাহন এশ ফুট গভীৰ খাদত পৰি যোৱাৰ ফলত ৭ গৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন ৩১ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। এই যাত্ৰীসকল পবিত্র শাওণ মাহ উপলক্ষে কুন্দেশ্বৰ মন্দিৰলৈ গৈ আছিল। আহতসকলক এখন ব্যক্তিগত চিকিৎসালয় আৰু চান্দলি গ্ৰাম্য হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহ...