August 3, 2025 8:06 PM

views 19

উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত পথ দুৰ্ঘটনাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত পথ দুৰ্ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে কয়, যে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব। এই দুৰ্ঘটনাত আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে।