December 8, 2024 11:34 AM
13
দেশে যক্ষ্মা নির্মূলকৰণৰ বাবে ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা প্রদান, জনসাধাৰণৰ অংশগ্ৰহণ, নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু চিনাক্তকৰণৰ উন্নত সঁজুলিৰে বহুমুখী যুঁজত অৱতীৰ্ণ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মাৰ অধিক প্রাদুর্ভাব হোৱা জিলা সমূহত গুৰুত্ব আৰোপ কৰি আৰম্ভ কৰা ১০০ দিনীয়া বিশেষ অভিযানৰ সৈতে দেশৰ যক্ষ্মা বিৰোধী যুঁজখন অধিক শক্তিশালী হৈ উঠিল বুলি প্ৰকাশ কৰিছে। শ্রী মোদীয়ে কালি সামাজিক মাধ্যম যোগে কয়, যে দেশে যক্ষ্মা নির্মূলকৰণৰ বাবে ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা প্রদান, জনসাধাৰণৰ অংশগ্ৰহণ, নতুন ঔষধ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু চিনাক্তকৰণৰ উন্নত সঁজুলিৰে বহুমুখী যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ লগতে সকলোকে একেলগে আগবাঢ়ি আহিবলৈ আৰু যক্ষ্মা নির্মূলকৰণৰ বাবে নিজৰ নিজৰ দায়...