August 30, 2025 11:06 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া জাপান ভ্রমণ সামৰি চীনত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া জাপান ভ্রমণ সামৰি চীনত উপস্থিত হৈছে। দেশখনৰ তিয়েনজিনত কাইলৈ অনুষ্ঠিত হ'বলগীয়া দুদিনীয়া চাংহাই সহযোগিতা সংস্থাৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব নেতাসকলৰ সৈতে অংশগ্রহণ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব নেতাসকলৰ সৈতে আঞ্চলিক সুৰক্ষা, যোগাযোগ, বহনক্ষম বিকাশ আৰু গোলকীয় সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। এই সন্মিলনত বিগত ২৫ বছৰত সংস্থাৰ সাফল্যৰ পৰ্যালোচনা কৰা হ'ব আৰু এটা দহ বছৰীয়া উন্নয়ন আঁচনি প্ৰস্তুত কৰা ...