October 28, 2024 11:53 AM

views 44

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে। আইনৰ অধীনত কোনো লোকক ডিজিটেল এৰেষ্ট কৰাৰ কোনো ব্যৱস্থা নাই বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে কয় যে, সকলো শ্ৰেণী আৰু বয়সৰ লোক ডিজিটেল এৰেষ্টৰ বলি হৈছে আৰু ভয়ৰ বাবেই তেওঁলোকে লাখ লাখ টকাৰ লোকচান ভৰ...