May 14, 2025 10:09 AM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীৰ বাসগৃহত ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ আঁচনি সন্দৰ্ভত উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ আঁচনি সন্দৰ্ভত এখন উচ্চ পর্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। প্ৰধানমন্ত্রীয়ে বিগত বৰ্ষত যক্ষ্মা ৰোগীৰ চিকিৎসা আৰু এই ৰোগ সোনকালে ধৰা পেলোৱাৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ যক্ষ্মা মুক্ত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি ৰাষ্ট্ৰজুৰি এইক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ ব্যাপকৰূপত ৰূপায়ণ কৰাৰ বাবে আহ্বান জনায়। শ্রী মোদীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা ১০০ দিনীয়া যক্ষ্মা মুক্ত ভাৰত অ...