November 9, 2025 11:44 AM

views 37

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে ভুটানলৈ যাব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে ভুটানলৈ যাব। ভ্রমণকালত শ্রী মোদী আৰু ভুটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকে ১০২০ মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন পুনাতছাংছু-টু জলবিদ্যুৎ প্রকল্প মুকলি কৰিব। এই প্রকল্প ভাৰত আৰু ভুটানে যুটীয়াভাবে বিকশাই তুলিছে। প্রধানমন্ত্রীয়ে লগতে ভূটানৰ চতুৰ্থ ৰজা জিগমে ছিংগ্যে বাংচুকৰ ৭০ সংখ্যক জন্মবার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰিব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী ছেৰিং টোবগেক সাক্ষাৎ কৰিব। ইয়াৰ উপৰি শ্রী মোদীয়ে গোলকীয় শান্তি প্রার্থনা মহোৎসৱত ভাগ ল'ব...