September 14, 2025 11:06 AM
42
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন অনুষ্ঠানত শিল্পীগৰাকীৰ অবিস্মৰণীয় প্ৰতিভাৰ কথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰে স্মৰণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে শ্রীমোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত অনুৰাধা শৰ্মা পুজাৰীয়ে সংকলন কৰা ড° ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থখন উন্মোচন কৰে। তেওঁ ২১টা ভাষালৈ অনুদিত এই গ্ৰন্থখন ভার্চুৱেল ব্যৱস্থাৰেও উন্মোচন কৰে। নি...