October 20, 2024 11:14 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীত প্ৰায় ৬,১০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰানসীলৈ যাব। তাত তেওঁ প্ৰায় ৬১০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দিনৰ প্ৰায় দুই বজাত কাশীত উপস্থিত হ'ব আৰু আৰ জে শংকৰা চকু চিকিৎসালয় মুকলি কৰিব। ইয়াৰ পাছত বিয়লি প্ৰায় ৪-১৫ মিনিটত প্রধানমন্ত্ৰীয়ে বাৰানসীৰ ছিগৰা ষ্টেডিয়ামত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ।