March 16, 2025 8:15 PM

views 14

ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি উল্লেখ কৰি কয় যে ভাৰতে কথা কলে বিশ্বই শুনে। কৃত্রিম বুদ্ধিমত্তাৰ গৱেষক তথা পডকাষ্টৰ বাবে বিখ্যাত লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয়, যে ভাৰতীয়সকলে সম্প্রীতিক আকোৱালি লোৱাৰ লগতে শান্তি বিচাৰে। ৰাছিয়া-ইউক্রেইনৰ সংঘৰ্ষ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমোদীয়ে কয় যে দুয়োখন ৰাষ্ট্ৰই বুজাবুজিৰ মাজলৈ আহিলেহে সংঘৰ্ষ সমাধানৰ পথ প্ৰশস্ত হ'ব। ইউক্রেইনে মিত্ৰ দেশসমূহৰ সৈতে বহুবাৰ আলোচনাত মিলিত হ'লেও উভয় পক্ষ...