December 30, 2025 8:32 PM December 30, 2025 8:32 PM
3
নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদ আৰু খণ্ড বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত-বিনিময়
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদ আৰু খণ্ড বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে আৰু ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দর্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ বিচাৰে। এই বৈঠকে দেশৰ অৰ্থনৈতিক স্থিতি আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰ সন্দৰ্ভত মতামত আগবঢ়োৱা আৰু মূল্যায়ণৰ বাবে মঞ্চ হিচাপে কাম কৰিব। বৈঠকত অর্থ-ব্যৱস্থাৰ সুদৃঢ়কৰণ, বিকাশ ত্বৰান্বিত কৰা আৰু নতুন প্রত্যাহ্বান দূৰ কৰাৰ বাবে প্রয়োজনীয় সংস্কাৰ সম্পৰ্কে আলোচনা কৰা হয়। নিটি আয়োগে আয়োজন কৰা এই কথোপকথনৰ জৰিয়তে পৰৱৰ্তী পৰ্য্যায়ৰ ...