September 29, 2024 11:13 AM

views 25

মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলী মুকলি আৰু আধাৰশিলা স্থাপন  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ জিলা আদালতৰ পৰা স্বৰগেটলৈকে পুনে মেট্ৰ' খণ্ড মুকলি কৰিব। প্ৰায় ১, ৮১০ কোটি টকা ব্যয়ৰে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰায় ২,৯৫৫ কোটি টকা ব্যয় সাপেক্ষ পুনে-মেট্ৰ' প্ৰথম পৰ্যায়ৰ স্বৰগেট, কাটৰাজ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। শ্ৰী মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যোগীক কৰিড'ৰ উন্নয়ন কাৰ্য...