September 14, 2025 7:36 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গোলাঘাট জিলাৰ নুমলীগড়ত ১২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ দুটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত ১২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে দুটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে নুমলীগড় শোধনাগাৰত ৫ হাজাৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৭২৩১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে। প্ৰকল্পট...