April 20, 2025 7:35 PM
11
সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব
সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এদিনীয়া সন্মিলনত দেশৰ চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব। এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে অগ্ৰাধিকাৰপ্ৰাপ্ত কাৰ্যসূচী আৰু উদ্ভাৱনসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন জিলা প্ৰশাসন, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভাগক উৎকৃষ্টতাৰ বঁটাও প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে সামগ্রিক বিকাশ আৰু উদ্ভাৱনৰ কাহিনী সমৃদ্ধ এখন ই-বুক মুকলি কৰিব। এই উপলক্ষে কেবিনেট সচিব ড০ টি ভি সোমনাথনৰ অধ্যক্ষতাত নাগৰিক সেৱ...