August 25, 2024 8:46 PM

views 38

বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক আহ্বান

প্রধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি কয় যে, এইবছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁৰ এই আহ্বানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্ৰতি বুজন সংখ্যক যুৱক-যুৱতীয়ে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। সেইসকল যুৱক-যুৱতীয়ে সঠিক সুযোগ আৰু পথ প্ৰদৰ্শনৰ বাবে বাট চাইছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই সন্...