November 22, 2024 12:04 PM
13
এখন সর্বাত্মক সমাজ গঢ়ি তোলাৰ বাবে গণতন্ত্ৰতকৈ ডাঙৰ কোনো আহিলা নাইঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন সর্বাত্মক সমাজ গঢ়ি তোলাৰ বাবে গণতন্ত্ৰতকৈ ডাঙৰ কোনো আহিলা নাই বুলি প্ৰকাশ কৰিছে। গায়েনাৰ সংসদ নেচনেল এছেম্বলীৰ বিশেষ অধিৱেশনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বিশ্ব আগবঢ়াই নিয়াৰ বাবে গণতন্ত্ৰ প্ৰথম, মানৱতা প্ৰথম সবাতোকৈ শক্তিশালী মন্ত্র। গণতন্ত্ৰ আমাৰ ডি এন এ, দৃষ্টিভংগী আৰু আচৰণত আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। বিশ্বজোৰা সংকটৰ সময়ত প্রথমে সঁহাৰি জনোৱা দেশ হিচাপে ভাৰতৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে কেতিয...