September 15, 2024 11:51 AM

views 42

তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ যাব। শ্ৰী মোদীয়ে আজি ঝাৰখণ্ডলৈ যাব আৰু জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা টাটা নগৰ-পাটনা বন্দে ভাৰত ৰে'ল গাড়ীকে ধৰি ৬ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ৰে'ল নেটৱৰ্কৰ আধুনিকীকৰণ আৰু ঝাৰখণ্ড তথা চুবুৰীয়া ৰাজ্যসমূহৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে গ্রহণ কৰা প্ৰয়াসৰ অংশ হিচাপে এই ৰেলগাড়ীসমূহৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। শ্ৰী মোদীয়ে লগতে ৬ হেজাৰ কোটিৰো অধিক ...