January 18, 2026 9:04 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহৌ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহৌ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয়, যে এই অনুষ্ঠানৰ ঢৌৱে সমগ্ৰ দেশক স্পৰ্শ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ঐশ্চৰ্য্যশালী তথা মহান এই সংস্কৃতিক প্ৰশংসা কৰা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে অনুষ্ঠানত প্ৰদৰ্শিত প্ৰাণৱন্ত বড়ো সংস্কৃতিৰ ওপৰত আলোকপাত কৰি ১০ হাজাৰতকৈও অধিক লোকৰ অংশগ্রহণ তথা লেজাৰ শ্বোৰ বিষয়েও উল্লেখ কৰে।

January 18, 2026 7:29 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰমুখ হিচাপে উদ্ভাসিত হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে উন্নয়নৰ পথত সমানে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়েও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা এলিভেটেড কৰিড'ৰ প্ৰকল্প আৰু ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণৰ বাবে অনুষ্ঠিত ভূমিপূজনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অংশগ্ৰহণ কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন...

January 18, 2026 11:06 AM

views 24

বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যমঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে৷ শ্ৰীমোদীয়ে কয়, যে বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্রধানমন্ত্ৰীগৰা...

January 16, 2026 12:35 PM

views 19

কাইলৈ নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি কেইবাখনো ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হাওৰা আৰু অসমৰ কামাখ্যা সংযোগী নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'ল গাড়ীকে ধৰি কেইবাখনো ৰে'লৰ যাত্ৰাৰ কাইলৈ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিবলগীয়া আন ৰে’লগাড়ীসমূহ হৈছে- নিউ জলপাইগুৰি-নাগেৰকইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুৰি-তিৰুচিৰাপল্লি অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-এছ এম বি টি বেংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, আলিপুৰদুৱাৰ-মুম্বাই পনৱেল অমৃত ভাৰত এক্সপ্ৰেছ, ৰাধিকাপুৰ-এছ এম বি টি বেংগালুৰু মেইল এক্সপ্ৰেছ আৰু বেলুৰঘাট-এছ এম বি টি বেংগালুৰ...

January 12, 2026 11:59 AM

views 6

প্রধানমন্ত্রী আৰু জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ আহমেদাবাদৰ সবৰমতী আশ্ৰম পৰিদৰ্শন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জক সাক্ষাৎ কৰি সবৰমতী আশ্ৰম পৰিদৰ্শন কৰাৰ লগতে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত অংশ ল'ব। গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী আৰু চেঞ্চেলৰ মাৰ্জে ভাৰত-জার্মানী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। ভাৰত আৰু জার্মানীৰ মাজৰ কৌশলগত সহযোগিতাই শেহতীয়াকৈ ২৫ বছৰ সম্পূৰ্ণ কৰিলে। উল্লেখযোগ্য যে, জার্মান চেঞ্চেলৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে দুদিনীয়া ভ্রমণসূচীৰে কালি ভাৰতত উপস্থিত হয়। শ্রীমাৰ্...

January 7, 2026 10:04 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে সোমনাথ মন্দিৰত হোৱা প্ৰথমটো আক্ৰমণৰ হাজাৰ বছৰৰ স্মৃতি ৰোমন্থন কৰি ২০২৬ বৰ্ষত বছেৰেকীয়াভাৱে উদযাপন কৰাকৈ বহুবোৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ভাৰতৰ পাৰম্পৰিক ভক্তি ভাৱ, সংস্কৃতি আৰু সামাজিক কর্মসমূহক সামৰি লৈ কাইলৈৰ পৰা ১১ জানুৱাৰীলৈকে সোমনাথ স্বাভিমান পৰ্বৰ আয়োজন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে চৰ্দাৰ বল্লভ ভাই পেটেলে ১৯৫১ চনত সোমনাথৰ পুনৰনিৰ্মিত মন্দিৰৰ উদ্বোধন কৰিছিল। ...

January 6, 2026 12:08 PM

views 5

প্রধানমন্ত্রীৰ আমন্ত্রণ মর্মে ১২ আৰু ১৩ জানুৱাৰীত ভাৰত ভ্রমণলৈ আহিব ফ্রেড্ৰিক মার্জ

জার্মানীৰ চেঞ্চেলৰ ফ্রেড্ৰিক মার্জ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে ১২ আৰু ১৩ জানুৱাৰীত ভাৰত ভ্রমণলৈ আহিব। চেঞ্চেলৰ মাৰ্জৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্রমণ কালত চেঞ্চেলৰগৰাকীয়ে আহমেদাবাদ আৰু বেংগালুৰুলৈ যাব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে। ১২ জানুৱাৰীত তেওঁক প্রধানমন্ত্রীয়ে আহমেদাবাদত আদৰণি জনাব। দুয়োগৰাকীয়ে নেতাই ভাৰত আৰু জার্মানীৰ কৌশলগত সহযোগিতাৰ বিভিন্ন দিশৰ প্রগতি সন্দৰ্ভত আলোচনা কৰিব। যোৱা বছৰ উভয় ৰাষ্ট্ৰৰ সহযোগিতামূলক কাৰ্যসূচীয়ে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। দুয়োগৰাকী নেতাই ...

January 2, 2026 11:29 AM

views 10

কাইলৈ নতুন দিল্লীত পবিত্ৰ পিপৰহৱা অৱশেষৰ প্রদর্শনী উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপৰহৱা অৱশেষৰ প্রদর্শনী উদ্বোধন কৰে। উনবিংশ শতিকাৰ শেষ ভাগত আৱিষ্কৃত পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। এই অৱশেষৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ৰাজহুৱা প্রদর্শনীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বুদ্ধৰ শিকণিসমূহত নিহিত শান্তি, কৰুণা আৰু জ্ঞানৰ সাৰ্বভৌম প্ৰমূল্যৰাজী প্ৰসাৰৰ নিৰন্তৰ প্ৰচেষ্টাকে প্রতিফলিত কৰে। সাংস্কৃতিক মন্ত্রালয়ে এই প্রদর্শনীক দেশৰ সাংস্কৃতি...

December 29, 2025 12:08 PM

views 16

ৰাজ্যসমূহক ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহক নিৰ্মাণ আৰু সুগম ব্যৱসায়িক বৃদ্ধি তথা ভাৰতক গোলকীয় সেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্রীমোদীয়ে উল্লেখ কৰে যে ভাৰতে অতি শীঘ্ৰে ৰাষ্ট্ৰীয় নিৰ্মাণ অভিযান আৰম্ভ কৰিব আৰু প্ৰতিখন ৰাজ্যই ইয়াক অগ্ৰাধিকাৰ দিয়াৰ উপৰি বিশ্বৰ বিভিন্ন কোম্পানীসমূহক আকর্ষণ কৰাৰ বাবে আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত বিকশ...

December 21, 2025 11:20 AM

views 19

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি তর্পণ কৰে। প্রধানমন্ত্ৰীগৰাকী ইয়াৰ পাছতে নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিশ্বমা...