May 10, 2025 8:12 PM

views 23

প্ৰতিৰক্ষা ৰাজনাথ সিং, অজিত ডোভাল, সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰব্বীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা ৰাজনাথ সিং আৰু সেনা বাহিনীৰ তিনিওটা শাখাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালো বৈঠকত উপস্থিত থাকে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ প্রত্যাক্রমণৰ মাজতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰধানমন্ত্রী বাসগৃহত অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপর্য বহন কৰিছে।

April 29, 2025 7:48 PM

views 35

নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত উচ্চ পৰ্য্যায়ৰ বৈঠক

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, চীফ অৱ ডিফেন্স ষ্টাফ অনিল চৌহান আৰু সেনা বাহিনীৰ তিনিওটা শাখাৰ মূৰীসকল উপস্থিত থাকে।

April 23, 2025 12:26 PM

views 21

সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ড° এছ জয়শংকৰ আৰু অন্যান্য বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ উচ্চ পর্যায়ৰ বৈঠক

সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। শ্রীমোদীয়ে দিল্লীৰ বিমানবন্দৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, বিদেশ সচিব বিক্রম মিশ্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে এখন উচ্চ পর্যায়ৰ বৈঠকত মিলিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহম...

April 17, 2025 8:08 PM

views 23

যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে পর্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত যমুনা নৈৰ বৰ্তমানৰ স্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত যমুনা নৈৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সজীৱতাৰ বাবে চলি থকা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয়। শ্রীমোদীয়ে নলাসমূহৰ প্ৰৱাহ জুখিবলৈ মাইক্ৰ' লেভেল পৰ্যায়ৰ তথ্য সংগ্ৰহ কৰাৰ লগতে নলা পৰিশোধন প্লাণ্টৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ উপলদ্ধ উত্তম প্রযুক্তি ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে। এই বৈঠকত নগৰীয়া নদী ব্যৱস্থাপনা প্ৰস্তুত কৰি চিটী মাষ্টাৰ প্লেনৰ সৈতে একত্ৰিত...

January 5, 2025 8:36 PM

views 26

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ উত্থাপন

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত ভৱিষ্যতৰ মহানগৰী হিচাপে পৰিৱৰ্তন কৰিবলৈ বিজেপিক এটা সুযোগ প্ৰদান কৰাৰ বাবে দিল্লীৰ জনসাধাৰণক আহ্বান জনায়। নতুন দিল্লীৰ ৰোহিনীৰ জাপানীজ পাৰ্কত এটা ৰেলীত ভাষণ দি শ্রীমোদীয়ে কয়, যে পৰৱৰ্তী ২৫ বছৰ দিল্লীৰ উন্নয়নৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ কয়, যে আহিবলগীয়া এই ২৫ টা বছৰে দেশক বিকশিত ৰাষ্ট্ৰলৈ উন্নীত হোৱাটো প্ৰত্...

September 11, 2024 6:04 PM

views 23

সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ ভার্চুৱেলী ভাষণ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বর্তমান জলবায়ু আৰু শক্তি পৰিৱৰ্তন এটা বিশ্বব্যাপী চৰ্চিত বিষয়। তেওঁ ইয়াকো কয় যে, দি-কাৰ্বনাইজেশ্বনৰ ওপৰত সেউজ হাইড্ৰ'জেনৰ প্ৰভাৱ প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ সেউজ হাইড্ৰ'জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভার্চুৱেলী ভাষণ প্ৰদান কৰি তেওঁ উৎপাদন বৃদ্ধি, খৰচ হ্ৰাস কৰা আৰু আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে সহযোগিতাৰে আগবঢ়া আদিৰ বিষয়সমূহত আলোকপাত কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে, জলবায়ু পৰিৱৰ্তন কেৱল মাত্র ভৱিষ্যতৰ...

June 2, 2024 9:15 PM

views 31

দেশত অব্যাহত থকা গ্রীষ্ম প্রবাহ সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পর্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত অব্যাহত থকা গ্রীষ্ম প্রবাহ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্রীক ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলী বতৰা অনুসৰি ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত গ্ৰীষ্ম প্রবাহ অব্যাহত থাকিব বুলি অৱগত কৰোৱা হয়। প্রধানমন্ত্ৰীয়ে এই সময়ছোৱাত অগ্নিকাণ্ডৰ দৰে ঘটনা ৰোধ তথা এনে ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে নিয়মিতভাৱে অনুশীলন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তেওঁ কয় যে চিকিৎ‍সালয় আৰু অন্যান্য ৰাজহুৱা স্থানসমূহত বৈদ্যুতিক সুৰক্ষা সুনি...

June 2, 2024 9:22 PM

views 119

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত ৰিমাল ঘূৰ্ণিবতাহৰ পৰৱৰ্তী পৰ্যায়ৰ স্থিতিৰ পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ঘূর্ণি বতাহ ৰীমালৰ পাছৰ পৰিস্থিতিৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্রধানমন্ত্ৰী মোদীক ঘূর্ণি বতাহ ৰীমালৰ প্রভাব পৰা ৰাজ্য কেইখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰা হয়। বৈঠকত ৰীমালৰ ফলত অসম, মিজোৰাম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ লগতে জনসাধাৰণৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সবিশেষ তথ্য অৱগত কৰোৱা হয়। প্রধানমন্ত্ৰী মোদীয়ে বৈঠকত ঘূর্ণি বতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহক কেন্দ্ৰীয় ...