November 28, 2025 12:25 PM
32
টি-২০ বিশ্বকাপ জয় কৰা ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি টি-২০ বিশ্বকাপ জয় কৰা ভাৰতৰ দৃষ্টিহীন মহিলা ক্রিকেট দলটোক সাক্ষাৎ কৰে। দলটোৱে প্ৰধানমন্ত্ৰী মোদীক এখন নিজৰ হস্তাক্ষৰযুক্ত ক্রিকেট বেট উপহাৰ দিয়ে। মহিলা দৃষ্টিহীন খেলুৱৈৰ দলটোৱে কলম্বোেত অনুষ্ঠিত ফাইনেল খেলখনত নেপালক ৭ উইকেটত পৰাস্ত কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে কয় যে সাক্ষাৎকালত খেলুৱৈসকলে তেওঁক নিজৰ অনুপ্ৰেৰণা মূলক অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে।