June 26, 2025 10:44 AM

views 18

প্রগতি শীর্ষক ৪৮ সংখ্যক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতি শীর্ষক ৪৮ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি খনি, ৰে'লৱে আৰু জলসম্পদৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পত পর্যালোচনা কৰে। বৈঠকত অর্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গ্ৰহণ কৰা এই প্রকল্পসমূহৰ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু বিভিন্ন বিষয়ৰ সমাধানৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে কয়, যে এই প্রকল্পসমূহ সম্পূৰ্ণ কৰি তোলাত পলম হ'লে বিত্তীয় ব্যয় বৃদ্ধি পায় আৰু নাগৰিকক সময়মতে প্রয়োজনীয় সেৱা তথা আন্তঃগাঁথনিৰ সুবিধা প্ৰদানতো বাধাৰ সৃষ্টি হয়। ...

February 7, 2025 8:48 PM

views 18

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ ইউ টিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

September 24, 2024 11:42 AM

views 15

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ আপাহতে প্ৰধানমন্ত্ৰীৰ বিভিন্ন ৰাষ্ট্ৰনেতাৰে বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আয়োজিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ আপাহতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ আর্মেনিয়াৰ প্ৰধানমন্ত্রী নিকোল পাছিনিয়ানকো সাক্ষাৎ কৰে। শ্রীমোদীয়ে ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’লামৰ সৈতেও দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উপায়সমূহৰ আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈও মত বিনিময় কৰে। নেতা দুগৰাকীয়ে উভয় দেশৰ মাজৰ সভ্যতা আৰু সংস্কৃতিৰ গভীৰ সম...

September 23, 2024 8:28 PM

views 16

নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰে দ্বিপাক্ষিক আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি দ্বিতীয় দিনা নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অ'লিৰ সৈতে হোৱা বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজত থকা অনন্য আৰু দৃঢ় দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত পৰ্যালোচনা কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উন্নয়ন অংশীদাৰিত্ব, জলবিদ্যুৎ সহযোগিতা আদি বিভিন্ন ক্ষেত্ৰত দুয়োদেশৰ মাজত হোৱা বুজাবুজি আৰু ডিজিটীয় তথা শক্তিৰ ক্ষেত্ৰসমূহৰ যোগাযোগ ব্যৱস্থা...