October 29, 2025 8:37 PM

views 18

সামুদ্রিক ক্ষেত্ৰ দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে : প্ৰধানমন্ত্ৰী

সামুদ্রিক ক্ষেত্ৰ, দেশৰ বিকাশৰ চালিকাশক্তি ৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। মুম্বাইত আয়োজিত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ৰ অধীনৰ এখন সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিগত এটা দশকত এই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে আৰু ব্যৱসায় তথা বন্দৰ আন্তঃগাঁথনিৰ প্ৰসাৰ ঘটিছে। ভাৰতৰ সামুদ্রিক খণ্ডৰ ক্ষীপ্ৰ গতি আৰু শক্তিৰে আগবাঢ়িছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ বন্দৰসমূহ বিকাশশীল ৰাষ্ট্ৰসমূহৰ আটাইতকৈ দক্ষ বন্দৰৰূপে পৰিগণিত হৈছে...